It's been a golden journey; running at indomitable spirit to reach the sky. Many dreams have already taken wings. The centenary journey began in 1918 at a golden moment. At that time, the leading sports organization was known as "The Dibrugarh Sports Association" in the state of Assam. The organization was born due to the initiatives of a few special individuals; specifically, Lakhikanta Dutta, Bhavesh Mukherjee, Govinda Chandra Sharma, Saifuddin Ahmed, Dhajyati Charan Mitra, Prafulla Chatterjee.
The Dibrugarh Sports Association was formed through the efforts of these sports organizers and was renamed as the Dibrugarh District Sports Association in the year 1951. The association has made an outstanding contribution to the overall development of sports in the city in particular and the district in general. The district has been able to bring out talents from different parts of the district and establish many players at national and international levels.The sports association has focused on football, cricket, table tennis, badminton, athletics and volleyball. However, at one time the sports associations contributed to the formation of Hockey players. The association has already paid special attention to Boxing. There are also plans to give attention to swimming in the coming days. Dibrugarh has a golden history in football.Players like ......(write down the names) These players able to shine in the international level.
The sports association has been trying their best to bring out the talents by holding many competitions in each category. They have held many competitions from the Gray Shield to the CK Sharma Trophy. The association has been trying their best in inspiring players and developing their talents so that they can do wonders in state and national levels. The Dibrugarh District Sports Association has also been playing a big role in the field of cricket . The association has already had the opportunity to host the Ranji Trophy and has contributed to the establishment of many players at the state and national levels.There is already a full-fledged stadium and another indoor stadium under the Sports Association. Hundreds of athletes continue to practice daily in both the venues. The association is also working to create an environment for the sports sector in Dibrugarh to compete at national and international levels by building new infrastructure.There are many sports associations in the district, including Chabua, Naharkatia, Duliajan and Khawang sub-sports associations led by the current President (In charge) Kamakhya Saikia and General Secretary Niranjan Shaikia. The 100-year-old sports event has been flourishing day by day and working for the upliftment of athletes under the slogan 'Sports is Karma, Sports is Dharma'
এটি সোণসেৰীয়া যাত্রা। অনিৰুদ্ধ গতিৰে ধাৱমান হৈছে আকাশ চুবলৈ। ইতিমধ্যে অনেক সপোনে পাখি মেলিছে। শতবৰ্ষ গৰকা যাত্ৰাৰ আৰম্ভণি হৈছিল ১৯১৮ চনৰ এটা সোণালী ক্ষণত। সেই সময়ত ৰাজ্যৰ অগ্ৰণী ক্রীড়া সংগঠনটো 'ডিব্ৰুগড় স্পটিং এছছিয়েচন' নামেৰে পৰিচিত আছিল। কেইগৰাকীমান বিশেষ ব্যক্তিৰ উদ্যোগৰ বাবেই সংগঠনটোৱে জন্ম লাভ কৰিছিল। বিশেষকৈ লক্ষীকান্ত দত্ত, ভবেশ মুখার্জী, গোবিন্দ চন্দ্ৰ শৰ্মা, চাইফুদ্দিন আহমেদ, ধৌয্যতিচৰণ মিত্র, প্রফুল্ল চেটাৰ্জীৰ নাম ল'বই লাগিব। এইসকল ক্রীড়া সংগঠকৰ প্ৰচেষ্টাত গঢ় লোৱা ‘ডিব্ৰুগড় স্পটিং এছচিয়েচন’ক ১৯৫১ চনৰ ডিব্ৰুগড় জিলা ক্রীড়া সন্থা'ৰ নামকৰণ কৰা হয়। এই সন্থাই চহৰৰ লগতে জিলাখনৰ ক্রীড়া ক্ষেত্ৰৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিভাসমূহক উলিয়াই আনি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনেক খেলুৱৈক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ফুটবল, ক্রিকেট, টেবুল টেনিছ, বেডমিণ্টন, এথলেটিকছ, ভলীবলত ক্রীড়া সন্থাই বিশেষভাবে মনোনিৱেশ কৰি আগবঢ়াই নিছে। অৱশ্যে এটা সময়ত হকীৰ খেলুৱৈৰ সৃষ্টিত ক্রীড়া সন্থাৰ অৰিহণা আছে। ইতিমধ্যে বক্সিঙৰ ক্ষেত্ৰখনো সন্থাই বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। তদুপৰি সাঁতোৰকো ভবিষ্যতৰ দিনত আগবঢ়াই নিয়াৰ পৰিকল্পনা আছে।
আনহাতে ফুটবলত ডিব্ৰুগড়ৰ এক সোণালী ইতিহাস আছে। ভাৰতীয় দলত স্থান লাভ কৰা টছেন বৰা, স্বাধীন ডেকাৰজা, বাবুল ফুকনৰ নাম ল'বই লাগিব। তেওঁলোকে ডিব্ৰুগড়ক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাবলৈ সক্ষম হৈছে। ফুটবলৰ পৰা আৰম্ভ কৰি প্ৰতিটো বিভাগত অনেক প্রতিযোগিতা অনুষ্ঠিত কৰি প্ৰতিভাসমূহক নিৰন্তৰভাৱে উলিয়াই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে ক্রীড়া সন্থাই। গ্রে শিল্ডৰ পৰা চিকে শৰ্মা ট্ৰফীলৈকে অনেক প্রতিযোগিতা অনুষ্ঠিত কৰিছে। খেলুৱৈক উদ্বুদ্ধ কৰাৰ লগতে প্রতিভা বিকাশ কৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পর্যায়লৈ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সন্থাই কোনো ত্রুটি কৰা নাই। ক্ৰিকেটৰ ক্ষেত্ৰখনতো ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ শক্তিশালী ভূমিকা আছে। তাহানিতেই ৰঞ্জী ট্ৰফী আয়োজনৰ সুযোগ লাভ কৰাৰ লগতে বহু খেলুৱৈক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। ইতিমধ্যে ক্রীড়া সন্থাৰ অধীনত এটা পূৰ্ণাংগ ষ্টেডিয়ামৰ লগতে আন এটা ইনদ’ৰ ষ্টেডিয়ামো আছে। নিতৌ দুয়োস্থানতে অব্যাহত আছে শ শ খেলুৱৈৰ ক্ৰীড়াৰ অনুশীলন। তদুপৰি নতুন নতুন আন্তঃগাঁথনি গঢ়ি তুলি ডিব্ৰুগড়ৰ ক্রীড়া ক্ষেত্ৰক ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেৰ মাৰিব পৰা পৰিবেশ সৃষ্টিৰ বাবইে সন্থাই প্রচেষ্টা অব্যাহত ৰাখিছে। চাবুৱা, নাহৰকটীয়া, দুলীয়াজান আৰু খোৱাৎ উপ-ক্রীড়া সন্থাৰ জৰিয়তে বৰ্তমানৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি কামাখ্যা শইকীয়া আৰু সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়াৰ নেতৃত্বই জিলাখনত ক্ৰীড়াৰ জাগৰণ আনিবলৈ প্ৰয়াস চলাইছে। 'ক্রীড়াই কৰ্ম ক্রীড়াই ধৰ্ম’ শ্ল'গানেৰে খেলুৱৈ আৰু ক্ৰীড়াক্ষেত্ৰৰ উত্তৰণৰ হকে কাম কৰি শতবৰ্ষ গৰকা ক্রীড়া অনুষ্ঠানটো এতিয়া সগৌৰৱে ঐতিহ্যময় গৰিমা ৰক্ষা কৰি সোণালী বাটত জিলিকি উঠিছে।